নেটৱৰ্ক মাৰ্কেটিঙক আমাৰ সমাজত একাংশ লোকে নেতিবাচক দৃষ্টিৰে চোৱা দেখা যায়। বহুতে ইয়াক চেইন বিজনেছ বুলি ইতিকিং কৰে। আন একাংশই ইয়াক Scam আখ্যা দিয়ে, ইয়াৰ পৰা দূৰত থাকিবলৈ সকলোকে পৰামৰ্শ দিয়ে। এক সুন্দৰ কেৰিয়াৰ আৰু এক উজ্জল ভৱিষ্যত গঢ়াৰ প্ৰচুৰ সম্ভাৱনা থকা Network Marketing অথবা Direct Selling Industryৰ প্ৰতি সাধাৰণ লোকৰ এই নেতিবাচক ধাৰণাৰ প্ৰকৃত কাৰণ কি?
প্ৰকৃতাৰ্থত একাংশ ভুৱা(Fraud)কোম্পানীয়ে Network Marketing কিছু বছৰ আগলৈকে বিভিন্ন আভুৱা ভৰা কথা আৰু চল-চাতুৰীৰে সাধাৰণ লোকৰ কষ্টোপাৰ্জিত ধন লুণ্ঠন কৰি গোটেই উদ্যোগটোক কলুষিত কৰি গৈছে।
মানুহক কম পইচাৰ বিনিময়ত বৃহৎ ধন আদায়ৰ মিছা প্ৰতিশ্ৰুতি দিয়া এনে কেইটামান ভুৱা কোম্পানীৰ বাবেই আজি নিষ্ঠাৰে Direct Selling কৰি থকা লোকসকলে সময়ে সময়ে গ্নানিৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু 2016 চনত কেন্দ্ৰীয় চৰকাৰে Direct Selling companyৰ বাবে এক কঠোৰ নীতি-নিৰ্দেশনা(Guidelines) প্ৰস্তুত কৰি গ্ৰাহকৰ সুৰক্ষা নিশ্চিত কৰিছে।
২০২১ৰ ২৯ ডিচেম্বৰত ভাৰত চৰকাৰে The Consumer Protection (Direct Selling) Rules, 2021 প্ৰণয়ন কৰিছে। অতি শীঘ্ৰে এই নিৰ্দেশনা আইনত পৰিণত হোৱাৰ সম্ভাৱনা আছে। বিশ্বৰ উন্নত আৰু আগশাৰীৰ দেশসমূহত বহু বছৰ পূৰ্বেই নেটৱৰ্ক মাৰ্কেটিঙৰ বাবে সুকীয়া আইন প্ৰস্তুত কৰিছে, যাৰ ফলত তেনে দেশত ইয়াক এক সন্মানজনক পেছা হিচাপে গণ্য কৰা হয় আৰু নেটৱৰ্ক মাৰ্কেটিঙে ইউৰোপৰ উন্নত দেশসমূহৰ জিডিপি বৃদ্ধিত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে।
ভাৰততো এই দিন আহিবলৈ বেছি দিন নাই। শেহতীয়াকৈ ২০২৩ চনৰ ২১ জুনত ভাৰত চৰকাৰে নেটৱৰ্ক মাৰ্কেটিঙক লৈ নতুনকৈ আন এক গাইডলাইন (Direct Selling Guidelines 2023 Link -https://consumeraffairs.nic.in/sites/) জাৰি কৰি এই উদ্যোগক পুনৰ আনুষ্ঠানিকভাৱে মান্যতা প্ৰদান কৰিছে।
চৰকাৰে প্ৰস্তুত কৰা Guidelinesৰ অধীনত এতিয়া দেশত কোনো ভুৱা কোম্পানীয়ে ব্যৱসায় চলাই থকাটো সম্ভৱ নহয়। ফলত এই উদ্যোগৰ প্ৰতি সাধাৰণ লোকৰ বিশ্বাস আৰু আস্থা বহুগুণে বৃদ্ধি পাইছে।
সাধাৰণ লোকৰ মনত নেতিবাচক ধাৰণা হোৱাৰ আন এটা কাৰণ হ’ল Direct Selling ব্যৱসায়টোক ভালকৈ বুজি নোপোৱা বা সঠিক কথা জানিবলৈ চেষ্টা নকৰাৰ মনোভাৱ। প্ৰকৃতাৰ্থত নেটৱৰ্ক মাৰ্কেটিং এক বৃহৎ উদ্যোগ। আন আন উদ্যোগক ভালদৰে বুজিবলৈ যিদৰে কিছু সময়ৰ প্ৰয়োজন, ঠিক একেদৰে এই উদ্যোগক বুজিবলৈও প্ৰায় এক-ডেৰ বছৰৰ প্ৰয়োজন হয়।
কিন্তু একাংশই এই ব্যৱসায়ক ভালকৈ নুবুজাকৈ ইয়াক সহজ ধন ঘটাৰ উপায় হিচাপে ব্যৱহাৰ কৰে। পৰিশ্ৰম কৰি সৎ উপায়েৰে ধন উপাৰ্জন কৰিবলৈ তেওঁলোকে অপেক্ষা কৰিব নোৱাৰে। তেনে লোক এই ক্ষেত্ৰখনত বেছি দিন তিস্তি থাকিব নোৱাৰে আৰু এনে একাংশ বিফল লোকে পৰৱৰ্তী সময়ত নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে সমাজত নেতিবাচক বাৰ্তা বিয়পাই দিয়ে।
আন একাংশই আকৌ সাধাৰণ লোকক ‘জইন কৰিলেই লাখপটি হৈ যাব’ বুলি মিছা লোভ দেখুৱাই নেটৱৰ্ক মাৰ্কেটিং উদ্যোগৰ সৈতে জড়িত কৰায়। এনে লোক দুই-চাৰিমাহ পিছত বিফল হয় আৰু তাৰ পাছত তেওঁলোকৰ এই ক্ষেত্ৰখনৰ প্ৰতি মোহভংগ ঘটে। পৰৱৰ্তী সময়ত এনে লোকে আন বহুতক নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে এক নেতিবাচক ধাৰণা দিবলৈ চেষ্টা কৰে।
আনহাতে, বহুতে নেটৱৰ্ক মাৰ্কেটিঙক চেইন বিজনেছ বুলি ইতিকিং কৰিব বিচাৰে। কিন্তু এয়া চেইন বিজনেছ নহয়। এয়া হৈছে নেটৱৰ্ক মাৰ্কেটিং অথবা ডাইৰেক্ট ছেলিং বিজনেছ। যিসমূহ কোম্পানীয়ে উন্নত মানৰ সামগ্ৰী অথবা সেৱা অবিহনে Money Circulate কৰি মানুহক কম সময়ৰ ভিতৰত ধনী হোৱাৰ সপোন দেখুৱায়, যাৰ কোনো নিৰ্ভৰযোগ্য অফিচ, ঠিকনা নাই, মেনেজমেণ্টৰ মানুহৰ কোনো সামাজিক পৰিচয় নাই, ভৱিষ্যতৰ কাৰ্যপন্থা স্পষ্ট নহয়, মাথো ১-২ বছৰৰ ভিতৰত মানুহৰ পইচা দুগুণ-চাৰিগুণ হোৱাৰ লোভ দেখুৱায়, সেইবোৰ কোম্পানী ভুৱা হয় আৰু এইবোৰক চেইন চিষ্টেম কোম্পানী বুলি কোৱা হয়। এইবোৰৰ পৰা সকলোৱে সাৱধান থকা উচিত।
কিন্তু, সঠিক Network Marketing অথবা Direct Selling কোম্পানীয়ে মানুহৰ মাজলৈ লৈ আহে উন্নত মানৰ সামগ্ৰী। যিদৰে দেশৰ আগশাৰীৰ ডাইৰেক্ট ছেলিং কোম্পানী Ddream-এ Ayush Ministry, Halal, ISO, GMP, FSSAI, FDA, HACCP Certifed আয়ুৰ্বেদিক সামগ্ৰী দেশবাসীৰ মাজলৈ লৈ আহিছে। তেওঁলোকে কাৰো সৈতে ধনৰ লেনদেন নকৰে।
যিদৰে ৰিলায়েন্স, জিঅ', ভোডাফোন, এয়াৰটেল অথবা বিগ বজাৰ, বিশাল শ্বপিং মল, Bata Shoes, মেকডনাল্ড, Relience Mart, Jio Mart আদি কোম্পানীয়ে Consumer Base তৈয়াৰ কৰিছে, ঠিক একেদৰে ডাইৰেক্ট ছেলিং কোম্পানীসমূহেও নিজৰ এক Consumer Base তৈয়াৰ কৰিব লাগে।
কিন্তু তেওঁলোকৰ কোনো বিজ্ঞাপন নাথাকে। সেয়ে, এনে কোম্পানীয়ে গ্ৰাহকক Network তৈয়াৰ কৰাৰ সুৱৰ্ণ সুযোগ প্ৰদান কৰে। এইদৰে এজন গ্ৰাহকে নেটৱৰ্ক গঢ়ি বৃহত ধন উপাৰ্জন কৰিব পাৰে।
আপুনি ৰাম, হৰি, যদু-মধুৰ দোকানৰ পৰা ক্ৰয় কৰি অনা Lux চাবোন অথবা Shirf Exelৰ পেকেটটোৰ সৈতেও যে এটা Network চিষ্টেম জড়িত হৈ আছে, সেয়া হয়তো বহুতে উপলব্ধ নকৰে। এই সামগ্ৰীসমূহ আপোনাৰ ঘৰৰ ওচৰৰ পাইকাৰী দোকানীজনে প্ৰথমে Wholesalerৰ পৰা আনে, তেওঁলোকে আকৌ Distributorৰ পৰা আনে, Distributorএ আকৌ সামগ্ৰীসমূহ Sales Agentৰ পৰা ক্ৰয় কৰে। তেওঁলোকে আকৌ কোম্পানীৰ পৰা সামগ্ৰীসমূহ সংগ্ৰহ কৰে। কিন্তু Network Marketing অথবা Direct Sellingত এই ব্যৱস্থা নাথাকে।
সমগ্ৰ বিশ্বক হত্যা-হিংসা, যুদ্ধ-বিগ্ৰহে আগুৰি ধৰাৰ সময়ত নেটৱৰ্ক মাৰ্কেটিঙে মানুহৰ মাজত সম্পৰ্কৰ সেতু গঢ়াৰ কাম কৰি আছে। ইজনে-সিজনৰ উন্নতিৰ বাবে কাম কৰিছে, ইজনে-সিজনক সহায়ৰ হাত আগবঢ়াইছে। ইয়াত জানো আপত্তি কৰিবলগীয়া কিবা কথা থাকিব পাৰে?
সৱিশেষৰ বাবে যোগাযোগ কৰক 97065-42412
0 Comments